মিলন গাথা

(পুলক জ্যোতি শৰ্মা)

ধৰিত্ৰীৰ মনটো কিছুদিনৰ পৰা

বৰ ভাললাগি থকা নাছিল

কিবা যেন ইচাৎ-বিচাৎ

কিবা যেন ৰিঙা ৰিঙা


আকাশৰ মনটোও আছিল

উদাস উৰুঙা


চেঙেলীয়া মেঘবোৰে বুজি পালে

দুয়োৰে মনৰ বেথা

লগ হৈ সিহঁতে সমস্বৰে গালে সেয়ে

আকাশ আৰু ধৰিত্ৰীৰ

মিলন গাথা


********